মোবাইল প্ৰচেছৰৰ (MOBILE PROCESSOR), নতুন ফোন লোৱাৰ আগত জনি লোৱা উচিত। - Jobs in Assam | Recruitment, Result, News in Assam, Northeast, India.

Thursday, January 31, 2019

মোবাইল প্ৰচেছৰৰ (MOBILE PROCESSOR), নতুন ফোন লোৱাৰ আগত জনি লোৱা উচিত।

  প্ৰচেছৰক নতুন প্ৰযুক্তিৰ ব্ৰেইন বুলি কোৱা হয়৷ মোবাইলৰ ((MOBILE PROCESSOR) ক্ষেত্ৰত ও এইটো প্ৰযোজ্য, আমি বিচৰা যিকোনো কাম PROCESSOR যোগেদিয়ে সম্পন্ন হয়৷ যেনে আমাৰ মোবাইলত ব্যৱহাৰ হোৱা বিভিন্ন এপ্লিকেচন অথবা এন্দ্ৰইড OS  প্ৰচেছৰৰ সহায়তে সক্ৰিয় হয়।

  প্ৰচেছৰক নতুন প্ৰযুক্তিৰ ব্ৰেইন বুলি কোৱা হয়৷ মোবাইলৰ ((MOBILE PROCESSOR) ক্ষেত্ৰত ও এইটো প্ৰযোজ্য, আমি বিচৰা যিকোনো কাম PROCESSOR যোগেদিয়ে সম্পন্ন হয়৷ যেনে আমাৰ মোবাইলত ব্যৱহাৰ হোৱা বিভিন্ন এপ্লিকেচন অথবা এন্দ্ৰইড OS  প্ৰচেছৰৰ সহায়তে সক্ৰিয় হয়।

PROCESSOR বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ 4টা বিষয়ৰ ওপৰত আপোনাৰ ধ্যান কেন্দ্ৰিত কৰিব বিছাৰিছো।

প্ৰচেছৰ Architecture ৰ মানে হ’ল প্ৰচেছৰ সাজিবলৈ ব্যৱহাৰ কৰা নক্সা বা ডিজাইন৷ প্ৰচেছৰৰ নিৰ্মাণ এই নক্সাৰ ওপৰত নিৰ্ভৰ কৰিয়ে সম্পূৰ্ণ কৰা হয়৷ ARM ( Advanced RISC Machine ) নামৰ কোম্পেনীটোৱে মোবাইল প্ৰচেছৰৰ বাবে Architecture সাজে৷ ARM কোম্পেনীয়ে প্ৰচেছৰ নিৰ্মাণ কৰা কোম্পেনীক এই Architecture ৰ ওপৰত প্ৰচেছৰ নিৰ্মাণ কৰিবলৈ লাইচেন্স প্ৰদান কৰে৷ সময় আগবঢ়াৰ লগে লগে এই প্ৰচেছৰসমূহক আৰু অধিক শক্তিশালী কৰিবলৈ ARM ৰ তৰফৰ পৰা নতুন নতুন Architecture বিকশিত কৰা হৈ আছে৷ গতিকে যিমানেই নতুন ডিজাইন হয় সিমানেই প্ৰচেছৰটো শক্তিশালী হয়৷ কিছুমান Architecture যেনে – Cortex A5, A7, A9, A11, A15, A52, A72 আদি৷PROCESSOR  Architecture: প্ৰচেছৰ Architecture ৰ মানে হ’ল প্ৰচেছৰ সাজিবলৈ ব্যৱহাৰ কৰা নক্সা বা ডিজাইন৷ প্ৰচেছৰৰ নিৰ্মাণ এই নক্সাৰ ওপৰত নিৰ্ভৰ কৰিয়ে সম্পূৰ্ণ কৰা হয়৷ ARM ( Advanced RISC Machine ) নামৰ কোম্পেনীটোৱে মোবাইল প্ৰচেছৰৰ বাবে Architecture সাজে৷ ARM কোম্পেনীয়ে প্ৰচেছৰ নিৰ্মাণ কৰা কোম্পেনীক এই Architecture ৰ ওপৰত প্ৰচেছৰ নিৰ্মাণ কৰিবলৈ লাইচেন্স প্ৰদান কৰে৷ সময় আগবঢ়াৰ লগে লগে এই প্ৰচেছৰসমূহক আৰু অধিক শক্তিশালী কৰিবলৈ ARM ৰ তৰফৰ পৰা নতুন নতুন Architecture বিকশিত কৰা হৈ আছে৷ গতিকে যিমানেই নতুন ডিজাইন হয় সিমানেই প্ৰচেছৰটো শক্তিশালী হয়৷ কিছুমান Architecture যেনে – Cortex A5, A7, A9, A11, A15, A52, A72 আদি৷

প্ৰযুক্তি: প্ৰচেছৰ এটা কিমান শক্তিশালী হ’ব এই কথাটো বহুপৰিমাণে নিৰ্ভৰ কৰে প্ৰচেছৰটো নিৰ্মাণ কৰা প্ৰযুক্তিৰ ওপৰত৷
Architecture ৰ ওপৰত নিৰ্ভৰ কৰি প্ৰচেছৰ নিৰ্মাণ কৰা কোম্পানী বোৰে নেন’ প্ৰযুক্তিৰ সহায়ত প্ৰচেছৰ নিৰ্মাণ কৰে৷ প্ৰচেছৰ নিৰ্মাণ কৰিবলৈ নেন’ Transistor ৰ প্ৰয়োগ কৰা হয়৷ বৰ্তমান সময়ত 28-10 নেন’মিটাৰ Transistor যুক্ত প্ৰচেছৰ উপলব্ধ৷ ইয়াত Transistor ৰ আকাৰ যিমানে কম হয় সিমানে প্ৰচেছৰ শক্তিশালী হয়৷ অৰ্থাৎ 10 নেন’মিটাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা প্ৰচেছৰ 28 নেন’মিটাৰতকৈ শক্তিশালী হব৷

Core ৰ সংখ্যা: Core ৰ সংখ্যাৰ ওপৰতো প্ৰচেছৰ এটাত কাৰ্য্যাদক্ষতা বহুখিনি নিৰ্ভৰ কৰে৷ বৰ্তমান সময়ত 2, 4, 6, 8, 10 আদি বিভিন্ন core যুক্ত প্ৰচেছৰ উপলব্ধ৷ core ৰ সংখ্যা যিমানে বেছি হব সিমানে প্ৰচেছৰো শক্তিশালী হব৷ কিন্তু এইক্ষেত্ৰত ইয়াৰ Architecture আৰু প্ৰযুক্তিও শেহতীয়া হব লাগিব৷

Frequency: ইয়াক GHz সহায়ত মপা হয়৷ ইয়াক CPU ৰ clock স্পীদ বুলিও কোৱা হয়৷ প্ৰচেছৰৰ ভিতৰত এক বিশেষ প্ৰকাৰৰ ঘড়ী থাকে যিয়ে এক ছেকেণ্ডত সম্পূৰ্ণ কৰা কম্পনৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ Clock স্পীদ নিৰ্ণয় কৰা হয়৷ যদি কোনো প্ৰচেছৰৰ ওপৰত 2.1GHz লিখা থাকে তেতিয়া এই 2.1GHz টো প্ৰচেছৰটোৰ Clock স্পীদ হব৷ অৰ্থাৎ প্ৰচেছৰটোৱে এক ছেকেণ্ডত 2.1×1000000000 = 21000000000 বাৰ কম্পন কৰিব বা 21000000000 KB ডাটা গণনা কৰিব পাৰিব৷
বৰ্তমান সময়ত Mediatek, Qualcomm, Intel, Samsung আৰু Huawei কোম্পানীৰ মোবাইল প্ৰচেছৰ পোৱা যায়৷

Qualcomm মোবাইল প্ৰচেছৰ সজা এটা বৃহৎ কোম্পানী৷ ইয়াত এড্ৰিনো GPU ব্যৱহাৰ কৰা হয়৷ Qualcomm ৰ প্ৰচেছৰ উন্নত মানদণ্ডৰ আৰু বেছিভাগ উন্নত মানদণ্ডৰ ফোনত ইয়াক ব্যৱহাৰ কৰা হয়৷ স্ন্যাপড্রাগন 632 অক্টা-কোৰ ইয়াৰ আটাইতকৈ আধুনিক ডিজাইন।Qualcomm: Qualcomm মোবাইল প্ৰচেছৰ সজা এটা বৃহৎ কোম্পানী৷ ইয়াত এড্ৰিনো GPU ব্যৱহাৰ কৰা হয়৷ Qualcomm ৰ প্ৰচেছৰ উন্নত মানদণ্ডৰ আৰু বেছিভাগ উন্নত মানদণ্ডৰ ফোনত ইয়াক ব্যৱহাৰ কৰা হয়৷ স্ন্যাপড্রাগন 632 অক্টা-কোৰ ইয়াৰ আটাইতকৈ আধুনিক ডিজাইন।

Samsung য়ে সজা প্ৰচেছৰৰ নাম হ’ল Exynos . ইয়াক মাত্ৰ Samsung ৰ ফোনতহে ব্যৱহাৰ কৰা হয়৷ এই প্ৰচেছৰবোৰ উন্নত মানদণ্ডৰ৷ Samsung ৰ নতুন galaxy M series ত ইয়াক ব্যবহাৰ কৰা হৈছে।Samsung: Samsung য়ে সজা প্ৰচেছৰৰ নাম হ’ল Exynos . ইয়াক মাত্ৰ Samsung ৰ ফোনতহে ব্যৱহাৰ কৰা হয়৷ এই প্ৰচেছৰবোৰ উন্নত মানদণ্ডৰ৷ Samsung ৰ নতুন galaxy M series ত ইয়াক ব্যবহাৰ কৰা হৈছে।

Intel Atom: ইয়াক অতি কমসংখ্যক ফোনতহে ব্যৱহাৰ কৰা হয়৷ যেনেঃ Asus Zenfone

ARM ৰ Architecture ত নিৰ্মিত Mediatek প্ৰচেছৰ সমূহত Mali ৰ GPU ব্যৱহাৰ কৰা হয়৷ সাধাৰণতে Mediatek প্ৰচেছৰ সমূহত অধিক Core দেখিবলৈ পোৱা যায়৷ কম মূল্যৰ বেছিভাগ ফোনতে Mediatek প্ৰচেছৰ দেখা যায়৷ এই প্ৰচেছৰ সমূহ অন্য প্ৰচেছৰৰ তুলনাত তুলনামূলক ভাবে অনুন্নত৷Huawei Kirin: Huawei ৰ কিৰিন প্ৰচেছৰ সমূহ Huawei ৰ ফোনত ব্যৱহাৰ কৰা হয়৷ ইয়াত Mali ৰ GPU ব্যৱহাৰ কৰা হয় ৷

Mediatek: ARM ৰ Architecture ত নিৰ্মিত Mediatek প্ৰচেছৰ সমূহত Mali ৰ GPU ব্যৱহাৰ কৰা হয়৷ সাধাৰণতে Mediatek প্ৰচেছৰ সমূহত অধিক Core দেখিবলৈ পোৱা যায়৷ কম মূল্যৰ বেছিভাগ ফোনতে Mediatek প্ৰচেছৰ দেখা যায়৷ এই প্ৰচেছৰ সমূহ অন্য প্ৰচেছৰৰ তুলনাত তুলনামূলক ভাবে অনুন্নত৷

মোবাইল এটা লোৱাৰ সময়ত প্ৰচেছৰৰ দিশটো বেছিকৈ গুৰুত্ব দিব লাগে৷ কাৰণ প্ৰচেছৰৰ ওপৰতে ফোনটোৰ কাৰ্য্যাদক্ষতা নিৰ্ভৰ কৰে৷ এইক্ষেত্ৰত ফোনটো হেং হোৱা, গৰম হোৱা আদি ফোনটোৰ প্ৰচেছৰৰ ফলতেই হয়৷ কেমেৰা বা ডিজাইনক গুৰুত্ব দি ফোন কেতিয়াও লব নালাগে, যদিহে আপুনি ফোনটোৰ কাৰ্যদক্ষতাৰ দিশটো গুৰুত্ব দিয়ে৷
IN THE STORES(Amazon)


15,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

10,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

1 comment: